হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰী কেন্দ্ৰ মুকলি

19
হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰী কেন্দ্ৰ মুকলি
 দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২৯ জুলাই : আজাদী কা অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান , গোলাঘাটৰ অধীনৰ অংকুৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আত্মসহায়ক গোটৰ মহিলা সকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ বাবে আজি গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰাৰ লগতে নিজেও ভালেসংখ্যক পতাকা ক্ৰয় কৰে । তেওঁ কেন্দ্ৰটো মুকলি কৰি পিছত সাংবাদিকৰ আগত কয় যে , আমি সগৌৰৱে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছোঁ । তেওঁ এই অমৃত মহোৎসৱৰ অংশৰূপে সকলোকে ১৩ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ৰাষ্ট্ৰীয় গৌৰৱ আৰু গৰিমাৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন অথবা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা পতাকা ক্ৰয় কৰি তেওঁলোকক উৎসাহিত কৰিবলৈও তেওঁ আহ্বান জনায় । তেওঁ কয় যে , জনসাধাৰনে অতি কম মূল্যত এই পতাকাসমূহ ক্ৰয় কৰিব পাৰিব । উল্লেখযোগ্য যে , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গোলাঘাট জিলাত আত্মসহায়ক গোটসমূহে ডেৰ লাখ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে আৰু প্ৰতিটো উন্নয়ন খণ্ড আৰু নগৰ এলেকাত বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে ।
আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস , অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ , চক্ৰ বিষয়া পাপৰি দাস , জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া , এল ডি এম ডি কে পাণ্ডে , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান , গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰা , আৰচেটিৰ সঞ্চালক চিন্ময়জ্যোতি গোহাঁইৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত আছিল ।