২৫ মেগাৱাট সম্পন্ন বকো সৌৰশক্তি প্রকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে , সৌৰশক্তিৰে বিদ্যুৎ উৎপাদনত ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছেঃ মুখ্যমন্ত্ৰী , জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীৰ

36

২৫ মেগাৱাট সম্পন্ন বকো সৌৰশক্তি প্রকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে , সৌৰশক্তিৰে বিদ্যুৎ উৎপাদনত ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছেঃ মুখ্যমন্ত্ৰী , জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীৰ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাই : স্বচ্ছ আৰু সেউজ শক্তিৰ দিশত বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বকোৰ ভালুকঘাটাত ২৫ মেগাৱাট সম্পন্ন বকো সৌৰশক্তি প্রকল্পৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পৰ জৰিয়তে ৬৫ হাজাৰ গ্ৰাহকক সামৰি লোৱা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে জলবায়ু পৰিবৰ্তন আজি এক বিশ্বজনীন সমস্যা হিচাপে চিহ্নিত হৈছে। গেছ কয়লা ইত্যাদি উৎসৰ পৰা শক্তি উৎপাদন, পে’ট্ৰল, ডিজেল চালিত যান-বাহনৰ ফলত কাৰ্বন নির্গমন বৃদ্ধি পাইছে। আনহাতে গছ-গছনি ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বনডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে। ইয়ে সূর্য আৰু পৃথিৱীৰ মাজত থকা আৱৰণ ধ্বংস কৰিছে। ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মানুহে এখন বিশ্বযুদ্ধ ঘোষণা কৰিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিশ্বত জলবায়ু পৰিৱৰ্তন ৰোধৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব লৈছে। ২০৩৫ চনৰ ভিতৰত ভাৰতে ৫০ শতাংশ কার্বন নির্গমন ৰোধ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰীৰ এই প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰেও কার্বন নির্গমন ৰোধ কৰাৰ বাবে ইতিমধ্যে দৃঢ়তাৰে প্ৰয়াস চলাইছে। মুখ্যমন্ত্ৰীয়ে কয় যে অপৰম্পৰাগত শক্তিৰ পৰা বিদ্যুৎ আহৰণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে। সৌৰশক্তি প্রকল্প স্থাপনৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আমগুৰিত ৭০ মেগাৱাট, ওদালগুৰিত ২৫ মেগাৱাট আৰু আজি বকোত ২৫ মেগাৱাট সৌৰ চালিত বিদ্যুৎ উৎপাদন প্রকল্প শুভাৰম্ভ কৰা হৈছে। শিলচৰ আৰু নগাঁৱতো অহা এমাহৰ ভিতৰত ৫০ মেগাৱাট সৌৰচালিত প্রকল্প শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে চেষ্টা চলাইছে বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে ইলেট্রিকেল যান-বাহন ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব বুলিও কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে বহু জনমুখী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ কৰিছে। কৃষকৰ পৰা ধান ক্রয়, শিপিনীসকলৰ পৰা বস্ত্ৰ ক্ৰয়ৰ বাবে স্বনিৰ্ভৰ নাৰী আঁচনি, মাটি-বাৰীৰ সমস্যা সমাধানৰ ব্যৱস্থা, নিবনুৱাক সংস্থাপনৰ পদক্ষেপ, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আদি পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ ধন ১,০০০ টকাৰ পৰা ১,২৫০ টকালৈ বৃদ্ধি কৰা হ’ব। বকো সমষ্টিত নতুনকৈ ৬,০০০ গৰাকী মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী অসমতো ৰূপায়িত কৰাৰ বাবে ব্যাপক পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি অহা ১৩ৰ পৰা ১৫ আগষ্টলৈকে প্ৰতিটো পৰিয়াল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্রতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আহ্বান জনায়। প্রত্যেক ৰেচনৰ দোকানতে ৰাষ্ট্ৰীয় পতাকা উপলব্ধ হ’ব বুলি তেওঁ কয়। স্বাধীনতাৰ ৭৫ বৰ্ষ উদ্‌যাপনৰ প্ৰতি সঁহাৰি জনাই প্ৰতিখন ঘৰতে একোডালকৈ অমৃত বৃক্ষ ৰোপণ কৰিবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ভাষণত ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰে। শক্তিমন্ত্রী নন্দিতা গার্লোছাই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়কসকল ক্রমে নন্দিতা দাস, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্রিয়া, ৰেকিবুদ্দিন আহমেদ, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, শক্তি বিভাগৰ শীৰ্ষ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।