৫ শতাধিক কংগ্ৰেছ, এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে যোগদান কৰিলে অগপ দলত , বৰপেটা সংসদীয় সমষ্টিটো অপপক লাগিবইঃ ফণীভূষণ চৌধুৰী

43
৫ শতাধিক কংগ্ৰেছ, এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে যোগদান কৰিলে অগপ দলত , বৰপেটা সংসদীয় সমষ্টিটো অপপক লাগিবইঃ ফণীভূষণ চৌধুৰী
আব্দুল জলিল, বৰপেটা , ৩১ জুলাইঃ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাই সমিতিয়ে তেওঁৰ ভাষণত কৈছিল, “আমাক সংখ্যালঘু মুছলমানৰ ভোট নালাগে।” এই কথাষাৰে সংখ্যালঘু ভোটাৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াই নহয় তোলপাৰ লগাইছিল । কিন্তু অসমত নিৰ্বাচনৰ অন্তত বিজেপি দলে যেতিয়া একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে, তেতিয়া ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে । মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ড০ শৰ্মাই অসমৰ সংখ্যালঘু সংখ্যাগুৰুক কোনো বাচ বিচাৰ নকৰাকৈ সম অধিকাৰ, সম উন্নয়ন কৰিব ললে। ছাত্ৰ ছাত্ৰীসকলকো কোনো হেয় জ্ঞান নকৰি জলপানীকে ধৰি স্কুটি পৰ্যন্ত বিতৰণ কৰিলে। সংখ্যালঘু অঞ্চলত উন্নয়নৰ সেউজধাৰা বোৱালে। এইবুলি আজি বৰপেটা জিলা পুথিভঁৰালত অসম গণ পৰিষদ, বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু ৪৩নং বৰপেটা বিধান পৰিষদৰ সহযোগত এক যোগদান অনুষ্ঠানত উপস্থিত থাকি অগপৰ কেন্দ্ৰীয় নেতা তথা প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ কুমাৰ দীপক দাসে এই মত ব্যক্ত কৰে। দাসে আৰু কয়, অসমত বৰপেটাৰ যি স্থান,এই বৰপেটাই অসমৰ আঞ্চলিকতাবাদৰ নেতৃত্ব দি আহিছে। আঞ্চলিকতাবাদৰ চিন্তা, জাতীয়তাবাদৰ চিন্তা বৰপেটাৰ মাটিৰ পৰাই আৰম্ভ হৈছিল। সেইকাৰণেই হয়তো বৰপেটা অঞ্চলৰ ৰাইজে এই আঞ্চলিকতাবাদক উপেক্ষা কৰা নাই।১৯৮৫ চনত যেতিয়া অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰিছিল, সেই দিনটোৰ পৰা আজিলৈকে সমগ্ৰ বৰপেটা বাসীয়ে আঞ্চলিকতাবাদক নিজৰ  শক্তি হিচাপে লৈ আৰু জাতীয়তাবাদক আদৰ্শ হিচাপে লৈ অসম গণ পৰিষদক শক্তি দি আহিছে। যোৱা পৌৰসভা নিৰ্বাচনত বিজেপি দলৰ যিটো আলোচনাত উপনীত হৈছিলো,সেই আলোচনাত তেওঁলোকে ঐক্যমত প্ৰকাশ নকৰা বাবেই আমি বেলেগে বেলেগেই নিৰ্বাচনত অৱতীৰ্ণ হলোঁ। বৰপেটাবাসী ৰাইজে অসম গণ পৰিষদৰ প্ৰতি সমৰ্থন পুষ্ট মনোভাৱ লৈ অসম গণ পৰিষদক ভোট দি আমাক জয়যুক্ত কৰালে। দাসে আৰু কয়, বৃহত্তৰ বৰপেটা অঞ্চলৰ সংখ্যালঘু ৰাইজৰ অৱদান অগপৰ প্ৰতি যথেষ্ট আছে। কিন্তু বিভিন্ন সময়ত ৰাজনৈতিক ভাৱে সংখ্যালঘু মানুহখিনিক সংখ্যাগুৰু মানুহৰ পৰা আতৰাই নি ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰি আহিছে । সেইবাবেই বিভিন্ন সময়ত ঘাত প্ৰতিঘাতৰ সৃষ্টি হৈ আহিছে। আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক বাদ দি ইয়াত থকা সংখ্যালঘু মুছলমানেই হওক বা সংখ্যাগুৰু হিন্দুয়ে হওক, সমাজখনত শান্তিৰে বসবাস কৰিব নোৱাৰে। অসম আন্দোলনৰ পিছত, অসম চুক্তিৰ ভিত্তিত অসম গণ পৰিষদৰ দল গঠন হৈছে। অসম গণ পৰিষদ দল অসম চুক্তিৰ বিশ্বাসী দল।অগপৰ নেতা দাসে কয়,সংখ্যালঘু সকলক ভাৰতীয় স্বীকৃতি কোনে দিছে- অসম চুক্তিয়ে দিছে। ১৯৭১ চনৰ পূৰ্বে যিসকল সংখ্যালঘু হিন্দু আছিল ,তেওঁলোক ৰিফুজি আৰু মুছলমানসকল অনুপ্ৰৱেশকাৰী। ১৯৭১ চনৰ পিছত যিখন চুক্তি হল, সেইখন চুক্তিৰ ভিত্তিতেই সকলো হিন্দু মুছলমান ভাৰতীয় হল।কবলৈ গলে আমাৰ এই ভেটি শক্তিশালী কৰিছে অসম চুক্তিয়ে।অগপৰ কেন্দ্ৰীয় উপসভাপতি ডাঃ তাৰাপ্ৰসাদ দাসে কয়, সংখ্যালঘু ভাইসকল আমাৰ দললৈ আহক আৰু আমি একত্ৰিত হৈ একেলগে কাম কৰিম। আমি যদিও মিত্ৰযোটৰ চৰকাৰৰ লগত আছো, তেওঁলোকৰ লগত আমাৰ সমান দায়িত্ব আছে। আমাৰ দলৰ কোনো দলকে তাৎসিল্য কৰাৰ অভ্যাস নাই। আমাৰ দল সদায় আদৰ্শ বিশ্বাসী। সভাত উপস্থিত থকা সংখ্যালঘু লোকসকলক ডাঃ দাসে উনুকিয়াই কয়, প্ৰত্যেকৰে নিজৰ নিজৰ অঞ্চলত অগপক শক্তিশালী কৰিবৰ বাবে আৰু মজবুত কৰিবৰ বাবে অগপৰ আঞ্চলিকতাবাদ সম্বন্ধে ব্যক্ত কৰিব লাগিব । আঞ্চলিকতাবাদে নিজৰ নিজৰ সুৰক্ষা কিমান খিনি দিব পাৰিব, এই কথাখিনি ভালদৰে বুজাই দিব লাগিব। লগতে অগপৰ সদস্য ভৰ্তি কৰিব লাগিব। অগপ সম্বন্ধে অন্যান্য দলসমূহে যিটো কুৎসৰতনা কৰি আহিছে ,সেইটো আপোনালোকে মষিমূৰ কৰিব লাগিব। অকল আজিয়েই নহয়, জিলাখনৰ প্ৰতিটো অঞ্চলতে, প্ৰতিটো সমষ্টিতে সংখ্যালঘু ৰাইজ যোগদান কৰা কাৰ্য্য অব্যাহত থাকিব।
বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিলা সভাপতি গুণীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত উত্তম ঘোষ জিলা পুনৰ সংস্থাপন কমিটিৰ সম্পাদক বৰপেটা জিলা কংগ্ৰেছ ,বৰপেটা গ্ৰাম্য সংখ্যালঘু কংগ্ৰেছ কমিতিৰ সভাপতি আব্দুছ ছালাম,কেন্দ্ৰীয় আমছুৰ উপ সভাপতি আবুল হুছেইন, বৰপেটা গ্ৰাম্য ব্লক কংগ্ৰেছৰ উপ সভাপতি ৰফিকুল হুছেইন, সমাজসেৱক মংগলুদ্দিন দক্ষিণ বেতবাৰী পঞ্চায়ত,আজিমুদ্দিন সদস্য ১০ নং ৱাৰ্ড ধানবন্ধা কংগ্ৰেছ,মৰ্জ্জম খান বাহমুৰাৰ কংগ্ৰেছ সদস্য, ছাহজাহান আলী সদস্য কংগ্ৰেছ(আই) বাহমুৰা, আশ্ৰাফুল ৰহমান,জাহিদুল ইছলামৰ নেতৃত্বত ৫শতাধিক কংগ্ৰেছ, এ আই ইউ ডি এফ আদি বিভিন্ন দলৰ লোকে অগপত যোগদান কৰে। আব্দুছ ছালামে অগপত যোগদান কৰি তেওঁৰ ভাষণত কয়, বহু সংখ্যক সংখ্যালঘু লোক অগপৰ প্ৰতি আকৃষ্ট হৈ আজি যোগদান কৰিলো ।যিহেতু আমি অসমত জন্মগ্ৰহণ কৰিছো।অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে অগপ দলত যোগদান কৰিলো আৰু আনাগত দিনত অগপৰ হৈ আমি কাম কৰি যাম। ছালামে আৰু কয়, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে হিন্দু মুছলমান মানুহৰ মাজত সাম্প্ৰদায়িক বীজ সোমাই দি হিন্দু মুছলমানক ভাগ ভাগ কৰাৰ চেষ্টা চলাই আহিছে। তাৰোপৰি সংখ্যালঘুসকলক এই দলদুটাই ব্লেকমেইলিং আৰু বিশ্বাসঘাতকতা কৰি অহা বাবেই সংখ্যালঘু লোকসকলে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব। অগপত যোগদান কৰা উত্তম ঘোষে তেওঁৰ ভাষণত কয়, কংগ্ৰেছ দলৰ অসমতে নহয়, গোটেই ভাৰতবৰ্ষতেই অস্তিত্ব বিলীন হৈ পৰিছে।আগন্তুক দিনত কংগ্ৰেছে যে অসমত আধিপত্য বিস্তাৰ কৰিব, তাৰ কোনো নিশ্চয়তা নাই। আঞ্চলিক আৰু জাতীয়তাবাদত বিশ্বাসী ভাবেই অগপত আমি যোগদান কৰিলো। ৰিপুণ বৰাৰ দিনৰ পৰাই কংগ্ৰেছ দল ধ্বংস হোৱাৰ কথা উল্লেখ কৰে। অগপ নেতা ,প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে সাংবাদিকক জানিব দি কয়, প্ৰতিটো নিৰ্বাচনতেই অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দিতা কৰি আহিছে। সমাগত লোকসভা নিৰ্বাচনতো আমি অংশগ্ৰহণ কৰিম। বৃহত্তৰ সংসদীয় সমষ্টিটোত অগপ দল কিদৰে উত্থান হয় তাৰবাবে চেষ্টা অব্যাহত ৰাখিছো। সেইবাবেই বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছো। ইয়াৰ পিছতেই আমি সংখ্যালঘু অঞ্চল বাঘবৰ সমষ্টিলৈও যোগদান কাৰ্যসূচীৰ বাবে অনতিপলমে যাম। এই সমাগত লোকসভা নিৰ্বাচনৰ ১০টা সমষ্টিৰ আমি কিদৰে কাৰ্যপন্থা হাতত লম সেইলৈ আমি ততপৰ।২০২৪ চনত লোকসভা নিৰ্বাচনৰ বাবেই পূৰ্ণোদ্যমে দলৰ ভেটি মজবুত কৰাৰ বাবে চেষ্টা চলাই অহাৰ কথাও ফণীভূষণ চৌধুৰীয়ে জানিব দিয়ে। সাম্প্ৰতিক সময়ত কংগ্ৰেছ দলৰ ভেটি থৰক বৰক হোৱা বাবেই হয়তো সংখ্যালঘু ৰাইজে বুজি পাইছে অগপ বিনে নাই কোনো নিষ্ঠাৰ।আজি আমাৰ দলত যোগদান কৰা লোকসকলৰ যথেষ্ট সংখ্যক লোকেই কংগ্ৰেছী।অসম গণ পৰিষদ ধৰ্ম নিৰপেক্ষ দল বুলিয়ে তেওঁলোকে অগপত যোগদান কৰিব লৈছে। অগপৰ নেতা ফণীভূষণ চৌধুৰীয়ে বৰপেটা সংসদীয় সমষ্টিটো অগপক লাগিবই বুলি দৃঢ়তাৰে মন্তব্য কৰে।