ৰংদৈ ভগনীয়া গাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন , সমাজ হিতৈষী দ্বীপেন শইকীয়াক ‘ভগনীয়া গৌৰৱ’ বঁটা প্ৰদান

37
ৰংদৈ ভগনীয়া গাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন , সমাজ হিতৈষী দ্বীপেন শইকীয়াক ‘ভগনীয়া গৌৰৱ’ বঁটা প্ৰদান
উত্তৰ যোৰহাট , ২০ জুলাই : ১৭ জুলাইত ৰংদৈ ভগনীয়া গাঁৱৰ শৈক্ষিক ন্যাসসমূহৰ উদ্যোগত আৰু সমূহ গাঁওবাসী ৰাইজৰ সহযোগত ৰংদৈ ভগনীয়া গাঁৱৰ বৰনামঘৰত গাঁওখনৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে গাঁওখনৰ বিভিন্ন পৰ্যায়ৰ প্ৰায় ১০টাত কৈয়ো অধিক শৈক্ষিক ন্যাস সমিতিৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠিত হয়। ২০১৬ বৰ্ষত গাঁওখনৰ সমাজ হিতৈষী ব্যক্তি দ্বীপেন শইকীয়াদেৱে তেখেতৰ প্ৰয়াত পিতৃ মাতৃৰ সোঁৱৰণত আগবঢ়োৱা এক লাখ টকাৰে ন্যাস গঠন কৰি উক্ত ন্যাসৰ সুদৰ ধনেৰে গাঁওখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। উক্ত ন্যাসৰ লগতে সংগতি ৰাখি বৰ্তমানলৈকে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে ১০টাতকৈয়ো অধিক ন্যাস গঠন হৈছে আৰু বাৰ্ষিক বঁটা প্ৰদান কৰি অহা হৈছে। আজি অনুষ্ঠিত এই বঁটা প্ৰদান আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সমগ্ৰ শিক্ষা, যোৰহাটৰ জিলা আঁচনি বিষয়া পৰশ গোস্বামী, বিশিষ্ট শিক্ষক, সুবক্তা জ্যোতিপ্ৰসাদ বৰা, ৰংদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰাণ শৰ্মা, বিশিষ্ট সমাজকৰ্মী জগন্নাথ অগ্নি বৰা, শিক্ষক মানসজ্যোতি হাজৰিকা, ৰিতুমনি বৰা আদিয়ে। চলিত বৰ্ষত ন্যাস বঁটা লাভ কৰা আৰু অভিনন্দন জ্ঞাপন কৰা ছাত্ৰ-ছাত্ৰীসকল হ’ল ক্ৰমে জয়শ্ৰী বৰা, অৰ্পনা বৰা, ত্ৰিদীপ কলিতা, মৃদুল দত্ত, স্নেহা শইকীয়া, প্ৰাণদ্বীপ দত্ত, প্ৰীতম প্ৰাণ গোস্বামী, ত্ৰিনয়ন বৈৰাগী, মাধুৰীমা দত্ত, জয়শ্ৰী দত্ত, ৰাজশ্ৰী শইকীয়া, দ্বীপশিক্ষা ভৰালী, হিমাক্ষী শইকীয়া আৰু তৃজাৰাণী বৰা। উল্লেখযোগ্য যে এই বৰ্ষৰ পৰা ৰংদৈ ভগনীয়া গাঁৱৰ ৰাইজৰ দ্বাৰা গাঁওখনৰ সৰ্বোচ্চ সন্মান ভগনীয়া গৌৰৱ বঁটা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। প্ৰথম বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় গাঁওখনত ন্যাস বঁটা প্ৰদানৰ জৰিয়তে শৈক্ষিক জাগৰণ সৃষ্টি কৰা সমাজ হিতৈষী ব্যক্তি দ্বীপেন শইকীয়াদেৱক। উক্ত অনুষ্ঠানতে গাঁওখনৰ একমাত্ৰ অংগণবাড়ী কেন্দ্ৰ ১৬নং ককিলা বামুণ গাঁও অংগণবাড়ী কেন্দ্ৰ অৱসৰপ্ৰাপ্ত কৰ্মী পুষ্পলতা শইকীয়াক ৰাজহুৱাভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গাৱঁৰ গাওঁবুঢ়া লক্ষেশ্বৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে শৈক্ষিক উন্নয়ন সমিতিৰ সম্পাদক বিবেকানন্দ বৰাই।