ৰঙিয়াত ড্ৰাগছসহ পুনৰ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

17
ৰঙিয়াত ড্ৰাগছসহ পুনৰ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী
ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ৫ আগষ্টঃ ৰাজ্যত যিমানেই তিব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান , সিমানেই নিতৌ আটক হৈয়েই আছে ড্ৰাগছ সৰবৰাহকাৰী । ড্ৰাগছ সৰবৰাহৰ অন্যতম ঘাটি হিচাপে চিহ্নিত হৈছে ৰঙিয়া । ৰঙিয়াৰ বালাগাও উদিয়ানাৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তিনি ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল চফিকুল ইছলাম , জেহিৰুল হক আৰু ৰুছিয়া বেগম । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ৫.৮৬ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।