ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত বিশেষ অভিনন্দন অনুষ্ঠান

37
ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত বিশেষ অভিনন্দন অনুষ্ঠান
ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ১৯ জুলাইঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা সভাপতি ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সকলকো এই সভাত অভিনন্দন জনাই ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।অসম প্ৰদেশ  বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা এই বিশেষ অভিনন্দন অনুষ্ঠানত প্ৰায় তিনি শতাধিক শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচা, মানপত্ৰ,বহী-কলমৰ লগতে একোটাকৈ গছপুলিৰে সম্বৰ্ধনা জনায় ।উল্লেখযোগ্য যে স্থানীয় বিধায়ক ভবেশ কলিতাই ভৱিষ্যতে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক একলাখ টকাৰ আৰ্থিক উপহাৰ প্ৰদান কৰাৰ লগতে বিদ্যলয়খনকো বিধায়ক পুজিৰ পৰা দহলাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰে।উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভৱেন্দ্ৰ নাথ ডেকা, কামিনী ভূঞা,নিপেন্দ্ৰ কুমাৰ ভাগৱতী, ডাঃ হিতেন্দ্ৰ কলিতা,চুৱল পাল,অমৰেন্দ্ৰ লহকৰৰ লগতে ৰঙিয়া অঞ্চলত বিশিষ্ট ব্যক্তি সকলৰ আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে ভালেসংখ্যক ৰাইজ ।