ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনলাইন প্ৰৱন্ধ প্ৰতিযোগিতাৰ বঁ‌টা বিতৰণ

30
ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনলাইন প্ৰৱন্ধ প্ৰতিযোগিতাৰ বঁ‌টা বিতৰণ
জমিৰ উদ্দিন তালুকদাৰ, ডবকা ৬ আগষ্টঃ অসমৰ সাম্প্ৰতিক আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱেশৰ প্ৰেক্ষাপটত মহান জননেতা বিষ্ণু প্ৰসাদ ৰাভাৰ ৰাজনৈতিক, সাংষ্কৃতিক কৰ্মাৱলী আৰু সাম্যবাদী মতাদৰ্শৰ বিস্তৃত পৰ্যবেক্ষণ কৰাটো প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় গণনাট্য সংঘৰ নগাঁ‌ও জিলা সমিতিয়ে ৰাভা দিৱসৰ লগত সংগতি ৰাখি অসম ভিত্তিত মুকলি প্ৰৱন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু শুক্ৰবাৰে ননৈত এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলৰ মাজত বঁ‌টা বিতৰণ কৰা হয়৷নগাঁ‌ও জিলাৰ ননৈৰ বৰগঞা নাট্য মঞ্চত বঁ‌টা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায় । বঁ‌টা বিতৰণী অনুষ্ঠানত ভাৰতীয় গণনাট্য সংঘৰ কাৰ্যকৰী সভাপতি মোলান লস্কৰ, সাধাৰণ সম্পাদিকা নিজৰা শইকীয়া, সাপ্তাহিক কলংপাৰ কাকতৰ সম্পাদক গুৰুমাইল সিং, চি পি আই নেতা ৰাতুল বৰা, বিপ্লজ্যোতি ভূঞা, মনোজ সিং ৰাজা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সমিতিৰ সভাপতি কফিল উদ্দিন বৰভূঞা আৰু সাংবাদিক বাচিত আলম চৌধূৰী উপস্থিত থাকে। বাতৰি অনুসৰি, প্ৰৱন্ধ প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ লাভ কৰে -উত্তৰ লক্ষীমপুৰ কলেজৰ কস্তুৰী বিপুল, দ্বিতীয় পুৰষ্কাৰ লাভ কৰে গোলাঘাটৰ খুমটাইৰ ডিম্পী লাহন আৰু  যোৰহাট জে বি কলেজৰ পম্পী কলিতাই।প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰ প্ৰাপ্তৰ হাতত প্ৰয়াত মনিৰ উদ্দিন চৌধুৰী সোঁৱৰণী বঁ‌টা তুলি দিয়ে ভাৰতীয় গণনাট্য সংঘৰ নীলবাগান আঞ্চলিকৰ সম্পাদক তথা সাংবাদিক বাচিত আলম চৌধুৰীয়ে।পুৰস্কাৰ প্ৰাপ্ত কৃতী ছাত্ৰী ডিম্পী লাহনে সাংবাদ মাধ্যমৰ আগত কয়-অসমীয়া ভাষা বা অসমীয়া সাহিত্য অবিহনে এটা জাতি আধৰুৱা হৈ থাকিব ৷ লগতে কৃতী ছাত্ৰীগৰাকীয়ে নৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষা সাহিত্যৰ বিষয়ে আন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷