ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুক নিৰ্বাচিত হোৱাত শ্ৰীৰামপুৰত বিজয় উল্লাসঃ মটৰ চাইকেল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰাঃ

38
ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুক নিৰ্বাচিত হোৱাত শ্ৰীৰামপুৰত বিজয় উল্লাসঃ মটৰ চাইকেল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰাঃ
দুৰ্নীতিৰ দৰ্পণ সেৱা, কোকৰাঝাৰ, ২১ জুলাইঃ ভাৰতবৰ্ষৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুক নিৰ্বাচিত হোৱাত গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত আবতৰীয়া দেৱালী উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে। গোসাঁইগাঁও মহকুমাৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে মটৰ চাইকেল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাই, নাচি-বাগি, ফটকা ফুটাই বিজয় উল্লাস কৰে। বিভিন্ন ঠাইত আদিবাসী জনগোষ্ঠীৰ মহিলাসকলে নাচি বাগি বিজয় উল্লাস কৰা পৰিলক্ষিত হয়। বৃহস্পতিবাৰে শ্ৰীৰামপুৰত বিজেপি-ইউপিপিএলে পৃথকে পৃথকে মটৰ চাইকেল ৰেলী কৰি গোসাঁইগাঁও বিধান সভা সমষ্টিৰ আদিবাসীসকলৰ প্ৰাণ কেন্দ্ৰ ম’ৰনাই চাহ বাগিছালৈ শোভাযাত্ৰা উলিয়ায়। ভাৰত স্বাধীনতাৰ পিছত প্ৰথমগৰাকী জনজাতি তথা আদিবাসী মহিলা হিচাপে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি হিচাপে জয়ী হোৱাৰ পিছত গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত দেখা গৈছে উল্লাস। শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি আৰু ইউপিপিএল দলে পৃথকে পৃথকে শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে।ইউপিপিএল দলৰ শ্ৰীৰামপুৰ ব্লক সমিতিৰ কাৰ্যালয়ৰ পৰা ইউপিপিএল দলে প্ৰায় দুশতাধিক নেতা কৰ্মীৰ উপস্থিতিত মটৰ চাইকেল ৰেলী কৰি শোভাযাত্ৰা উলিয়ায়। উক্ত ৰেলীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰৰ একমাত্ৰ আদিবাসী কাৰ্যবাহী সদস্য উইলচন হাসদাই সাংবাদিকৰ আগত কয় যে আজি আদিবাসী সমাজৰ বাবে এক ঐতিহাসিক দিন। কাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে আদিবাসী তথা ট্ৰাইবেল জনগোষ্ঠীৰ পৰা ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুক নিৰ্বাচিত কৰিছে। ভাৰতৰ ইতিহাসৰ এয়াই প্ৰথম। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে যে সকলো জনগোষ্ঠীকে সমপৰিমাণে গুৰুত্ব প্ৰদান কৰিছে, তাৰে বাবে তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মটৰ চাইকেল ৰেলী উদ্বোধন কৰি গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক জীৰণ বসুমতাৰীয়ে কয় যে আজি ভাৰতবৰ্ষৰ ইতিহাসত এক আনন্দৰ দিন। কিয়নো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক পিছপৰা জনগোষ্ঠীৰ এগৰাকী সাধাৰণ লোককো দেশৰ প্ৰথম নাগৰিক হিচাপে নিৰ্বাচিত কৰিব পাৰে, এয়া দেশবাসীৰ বাবে বহুত কথা। ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্বলৈ দেশৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে আদিবাসী তথা ট্ৰাইবেল জনগোষ্ঠীৰ পৰা ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুক নিৰ্বাচিত কৰাত তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ সজল কুমাৰ সিংহৰ নেতৃত্বত আয়োজিত বিজেপিৰ দলীয় মটৰ চাইকেল ৰেলীত শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে শ্ৰীৰামপুৰ হাইস্কুলৰ খেল পথাৰৰ পৰা ৰেলী উলিয়াই গন্তব্যস্থল ম’ৰনাই চাহ বাগিছালৈ যায়। এমচিএলএ গৰাকীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংবাদ মাধ্যমযোগে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আদিবাসী সম্প্ৰদায়ৰ দ্ৰৌপদী মুৰ্মু দেশৰ পোন্ধৰতম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত আদিবাসী চিংগেল অভিযান নামৰ সংগঠন এটাই শ্ৰীৰামপুৰ বজাৰৰ পৰা ৩১(গ) ৰাষ্ট্ৰীয় ঘাইপথ লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই আনন্দ উল্লাস কৰে। এক উদ্দেশ্য আগত ৰাখি গোসাঁইগাঁওত সদৌ চাঁওতাল ছাত্ৰ সন্থাই এক মটৰ চাইকেল ৰেলী অনুষ্ঠিত কৰে।