ৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত হ’ল ধেমাজিৰ কৃষক  দেৱজিৎ চাংমাই 

33
ৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত হ’ল ধেমাজিৰ কৃষক  দেৱজিৎ চাংমাই
বিকাশ শইকীয়া, চিলাপথাৰঃ ১৮ জুলাইঃ ধেমাজি জিলাৰ এগৰাকী প্ৰগতিশীল ক্ষুদ্ৰ কৃষকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ৯৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ চাৰিজন উদ্যোগী কৃষকলৈ আগবঢ়োৱা পণ্ডিত দীন দয়াল উপাধ্যায় অন্তোদয়া কৃষি পুৰস্কাৰ লাভ কৰিছে ধেমাজি জিলাৰ শ্ৰীপানি মথাদাং গাঁৱৰ দেৱজিৎ চাংমায়ে। নতুন দিল্লীত থকা  ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এটি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে তেওঁক এই বঁটা প্ৰদান কৰে। বঁটা হিচাপে এখন প্ৰমাণপত্ৰৰ লগতে নগদ এক লাখ টকাৰ পুৰস্কাৰো তেওঁ লাভ কৰিছে । ধেমাজি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, দেৱজিৎ চাংমায়ে ধানৰ বাহাদুৰ চাব ১ আৰু ৰঞ্জিৎ চাব ১ নামৰ বানপানীৰ প্ৰতি সহনশীল জাতৰ বীজ প্ৰতিবছৰে ১২০ৰ পৰা ১৫০ কুইন্টলকৈ উৎপাদন কৰি জিলাখনৰ কৃষি ক্ষেত্ৰত অৰিহনা আগবঢ়াই আহিছে। তদুপৰি ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ৰ পৰা পোৱা প্ৰশিক্ষণৰ সুবিধা লৈ ঘৰতে এখন ক্ষুদ্ৰ নাৰ্ছাৰী স্থাপন কৰি নেমু ,পান, জালুক, নাৰিকল, অমিতা আৰু শাক-পাচলিৰ পুলি উৎপাদন  কৰি আহিছে। কেভিকে, ধেমাজিৰ মুখ্য বিজ্ঞানী ড: গুঞ্জন গগৈৰ তত্বাৱধানতে তেওঁ পুখুৰীত মাছ পালনৰ লগতে হাহঁ পালন আৰু পাৰত দুটা কম খৰছী পলি হাউছ ব্যৱহাৰ কৰি আৱতৰীয়া শাক-পাচলি উৎপাদন কৰি বেছ লাভান্বিত হৈছে। এনেদৰে বিভিন্ন বহুমুখী কৃষি কৰ্মৰে এজন ক্ষুদ্ৰ খেতিয়ক হৈও নিজৰ পৰিয়াল ভালদৰে পোহ-পাল দিয়াৰ লগতে অঞ্চলটোৰ কৃষি ক্ষেত্ৰলৈও যথেষ্ট ইতিবাচক বৰঙণি আগবঢ়াই অহাৰ পৰিপ্ৰেক্ষিততে এইবাৰ এই সন্মানজনক বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হ’ল। উল্লেখযোগ্য যে, চাংমাইয়েই হ’ল এইবাৰ এই বঁটা লাভ কৰা ৰাজ্যখনৰ একমাত্ৰ কৃষক। জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই ইয়াৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাই কয় যে, এনে পৰিশ্ৰমী আৰু উদ্যমী কৃষক সকলক চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ’ব।