অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ দাবী সদৌ ধুবুৰী জিলা বিকলংগ সন্থাৰ

43
অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ দাবী সদৌ ধুবুৰী জিলা বিকলংগ সন্থাৰ

দুৰ্নীতিৰ দৰ্পণ , ছৈয়দুৰ ৰহমান , ধুবুৰী , ২৬ জুলাই : উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ । ২৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে ৫১৫ চতুৰ্থ বৰ্গৰ পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা এই সাক্ষাৎকাৰৰ ৪১৯৬ গৰাকীৰ মেৰিট লিষ্ট ঘোষণা কৰিছিল । কিন্তু আজিলৈকে মেৰিট লিষ্ট অনুযায়ী চাকৰি লাভ নকৰা প্ৰাৰ্থীয়ে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ ধুবুৰী বিকলংগ সন্থাই । মুখ্যমন্ত্ৰী লৈ কাতৰ আহ্বান এই সকল বিকলংগৰ । অতি সোনকালে মেৰিট লিষ্ট অনুযায়ী চাকৰি প্ৰদানৰ বাবে কাতৰ আহ্বান জনায় ধুবুৰী জিলা বিকলাঙ্গ সন্থাৰ সম্পাদক নেকিবুৰ জামানৰ ।