ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত লাট মণ্ডলৰ পি এ আৰু দালালৰ দপদপনি অব্যাহত , লাট মণ্ডল আবুল হুছেইনৰ দৰ দামত অতিষ্ঠ জনতা

75
ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত লাট মণ্ডলৰ পি এ আৰু দালালৰ দপদপনি অব্যাহত , লাট মণ্ডল আবুল হুছেইনৰ দৰ দামত অতিষ্ঠ জনতা

দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ধুবুৰী , ৩০ জুলাইঃ  যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে , তেনেকুৱা সময়ত ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ দপদপনি বৃদ্ধি পোৱাত সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে । চৰকাৰী নিৰ্দেশ আৰু নিয়ম-নীতিৰ কোনো গুৰুত্ব দিয়াৰ পৰিৱৰ্তে লাট মণ্ডল আবুল হুছেইনে আৰম্ভ কৰিছে নৈৰাজ্যৰ ব্যৱস্থা । অভিযোগ মতে, আবুল হুছেইন নামৰ লাট মণ্ডলে জেলৰ পৰা ওলাই আহি প্ৰতিটো কামৰ বাবে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ চহীৰ বাবেই তিনি হেজাৰ টকা ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে । লাট মণ্ডল আবুল হুছেইনৰ পি এ পান্নাক ফ্লিট তদন্তৰ নামত দিব লাগে ১৫০০ টকা , মণ্ডলৰ তদন্তৰ প্ৰতিবেদনৰ নামত ১০০০ হেজাৰ টকা , ৰাজহ চক্ৰ বিষয়াৰ ৰিৰ্পট দিয়াৰ নামত ৩০০০ হেজাৰ টকা আৰু অতিৰিক্ত উপায়ুক্তৰ চহী কৰি দিয়াৰ নামত চাৰি হেজাৰ টকা । এনেকৈ ধুবুৰীত চলিছে মাটি ক্ৰয়-বিক্ৰয় কৰাৰ মুকলি বেহা । এনেকি , লাট মণ্ডল আবুল হুছেইনে নিজৰ শৰীৰত তেজ পৰিৱৰ্তন কৰাৰ নামত লগতে জেলৰ পৰা ওলাই অহাৰ নামতো ৰাইজৰ পৰা বেছিকৈ সংগ্ৰহ কৰে ধন । এই বিষয়ে ৰাইজে কিবা অভিযোগ উত্থাপন কৰিলেই আবুল মণ্ডলে কয় , টাঃ টাঃ টাঃ (নিজৰ মুখৰ জিভাৰ পৰা কয়)। কিবা অভিযোগ থাকিলে কাক কি কবলৈ আছে ক , আই এম ডণ্ড কেয়াৰ বুলি ইংৰাজীৰে সাধাৰণ ৰাইজক গালি -গালাজ পৰা আৰম্ভ কৰি এক প্ৰকাৰ গুণ্ডামী কৰি থাকে বুলিও অভিযোগত প্ৰকাশ । আবুল মণ্ডলে আৰু কয় যে , জেলৰ পৰা ওলাই আহিছোঁ , টেক্স বেছিকৈ লাগিব । আনহাতে , আবুল মণ্ডলৰ পি এ পান্নাৰ দ্বাৰাও ৰাইজক হাৰাশাস্থি কৰাৰ অভিযোগ পোৱা গৈছে। মনকৰিবলগীয়া বিষয় হৈছে যে , পান্নাই আবুল মণ্ডলৰ লগত কি কৰিছে , ধুবুৰী ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে উত্তৰ দিব পাৰিব নে ? কিয়নো , সাধাৰণতে , মহুৰিৰ লাইছেন্স লৈ আবুল মণ্ডলৰ লগত কৰিছে পি এ তথা দালালৰ কাম । এয়া আমাৰ কথা নহয় , ৰাইজৰ অভিযোগ ।