আনছাৰুল্লাহ বাংলা টীমৰ এ বি টি সদস্যৰ পত্নীক গ্ৰেপ্তাৰ সন্দৰ্ভত ধুবুৰীত সংবাদমেল আৰক্ষী অধীক্ষকৰ 

31

আনছাৰুল্লাহ বাংলা টীমৰ এ বি টি সদস্যৰ পত্নীক গ্ৰেপ্তাৰ সন্দৰ্ভত ধুবুৰীত সংবাদমেল আৰক্ষী অধীক্ষকৰ

দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান, ৮ আগষ্ট : মৈৰাবাৰীৰ পলাতক এ বি টি ৰ সদস্য আবু তাল্লাহৰ পত্নী জহুৰা খাতুনক (২২) কালি গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে । উল্লেখ যোগ্য যে , নায়েৰ আলগা দ্বিতীয় খণ্ড গাঁৱৰ পৰা ABT ৰ লিঙ্কমেন জহুৰা খাতুনক (২২) গ্ৰেপ্তাৰ কৰা হৈছিল । ধুবুৰী আৰক্ষী অধীক্ষকে সংবাদ মেলত সদৰি কৰা মতে , জহুৰা খাতুনৰ পৰা এ বি টি সম্পৰ্কীয় বহু বিস্ফোৰক তথ্য সংগ্ৰহ কৰিছে ধুবুৰী আৰক্ষী। ইতিমধ্যে জহুৰা খাতুনে এ বি টি সম্পৰ্কীয় বহু গুৰুত্ব পূৰ্ণ তথ্য থকা মোবাইল ফোন জব্দ কৰাৰো কথা সদৰি কৰে আৰক্ষীয়ে । জেহাদীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত আছে বুলিও জানিবলৈ দিয়ে আৰক্ষী অধিক্ষক গৰাকীয়ে ।