ধুবুৰীৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ পৰিয়ালক সম্বৰ্ধনা ৰেলৱে সুৰক্ষা বল’ৰ

32

ধুবুৰীৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ পৰিয়ালক সম্বৰ্ধনা ৰেলৱে সুৰক্ষা বল’ৰ

দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান, ধুবৰী ৮ আগষ্ট:: ১৯০৮ চনত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী চক্ৰৱৰ্তীৰ মৃত্যু হয় ১৯৯৫ চনত। কলিকতাত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী গৰাকী ১০২১-২২ চনত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বৰাজ প্ৰতিষ্ঠাৰ উদ্দেশ্যে খিলাফৎ আৰু অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল। তাৰ পিছত ১৯২৩ চনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ স্বৰাজ দলৰ আহ্বানত ব্ৰিটিছ সম্ৰাজ্যৰ বিৰুদ্ধে তাৰকেশ্বৰ হত্যাগ্ৰহ আন্দোলনত অংশ লৈ প্ৰথমে কাৰাগাৰলৈ গৈছিল। তাৰ পিছৰ পৰা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিভিন্ন আন্দোলনৰ কাৰ্য্যসূচীত সক্ৰিয় অংশগ্ৰহনেৰে সংগ্ৰাম কৰি গৈছিল তেওঁ। ইপিনে ১৯৫২ চনত বাংলা মজদূৰ নামৰ এখন হিন্দী কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰি ধুবুৰীৰ পৰা প্ৰথমবাৰ চাবুক নামৰ এখন বাংলা সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীয়ে। সেইগৰাকী স্বাধীনতা সংগ্ৰামী আজি নাই যদিওঁ দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ উপলক্ষে আজাদিকা অমৃত মহোৎসৱ উপলক্ষে সংগ্ৰামী পৰিয়ালটোৰ খবৰ লবলৈ আজি উপস্থিত হয় ধুবুৰী ৰেলৱে সুৰক্ষা বলৰ এটা সজাতি দল। ধুবুৰী ৰেলৱে সুৰক্ষা বলৰ পৰিদৰ্শক সঞ্জীত সৰকাৰৰ নেতৃত্বত সজাতি দল এটাই ধুবুৰীৰ গাড়ীখানা ৰোডস্থিত স্বাধীনতা সংগ্ৰামীৰ বাসগৃহত উপস্থিত হয়। প্ৰয়াত বিপিন চক্ৰৱৰ্তীৰ বৰ বোৱাৰী নীলিমা চক্ৰৱৰ্তীক মান পত্ৰৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। ৰেলৱে সুৰক্ষা বলৰ ফালৰ পৰা এই সন্মান লাভ কৰাৰ পিছত আনন্দিত হৈ পৰে সংগ্ৰামী পৰিয়ালটো।