Start Blog

ভাৰত মাতাৰ জয় বন্দনাৰে মোৰাঝাৰত প্ৰগতিশীল যুৱ মঞ্চৰ বিশাল ত্ৰিৰংগা ৰেলি , তিনিদিনীয়া কাৰ্যসূচীৰে আজাদীৰ অমৃত মহোৎসৱ আয়োজন

ভাৰত মাতাৰ জয় বন্দনাৰে মোৰাঝাৰত প্ৰগতিশীল যুৱ মঞ্চৰ বিশাল ত্ৰিৰংগা ৰেলি , তিনিদিনীয়া কাৰ্যসূচীৰে আজাদীৰ অমৃত মহোৎসৱ আয়োজন
জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১১ আগষ্টঃ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি মোৰাঝাৰত বিশাল ত্ৰিৰংগা ৰেলীৰ আয়োজন কৰা হয়৷ মোৰাঝাৰৰ সমাজসেৱী সংস্থা প্ৰগতিশীল যুৱ মঞ্চৰ উদ্যোগত আয়োজন কৰা হয় এই ৰেলিৰ ৷ আজাদীৰ অমৃত মহোৎসৱ উপলক্ষে সংস্থাটিয়ে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে ৷ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি সংস্থাটিয়ে মোৰাঝাৰ বজাৰত এক বিশাল ত্ৰিৰংগা শোভাযাত্ৰা উলিয়ায়৷ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলি মোৰাঝাৰ আৰক্ষী থানাত গৈ সামৰণি পৰে ৷ ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা বৰাই শুভাৰম্ভ কৰা এই ত্ৰিৰংগা ৰেলিৰ নেতৃত্ব দিয়ে মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ সভাপতি চুহেল আহমেদে ৷ মোৰাঝাৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ কৰা এই সমদলত সকলোৱে হাতে হাতে জাতীয় পতাকা লৈ ভাৰত মাতৃৰ বন্দনা কৰে ৷ মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত “আজাদি কা অমৃত মহোৎসৱ” উপলক্ষে সজাগতা পদযাত্ৰাত মোৰাঝাৰ অঞ্চলৰ বহু বিশিষ্ট নাগৰিকৰ লগতে মোৰাঝাৰ মহাবিদ্যালয়, মোৰাঝাৰ জুনিয়ৰ কলেজ, জ্ঞানজ্যোতি একাডেমী, মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নিউ হুপ ইংলিছ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰগতিশীল যুৱ মঞ্চই স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ অনুষ্ঠানৰ লগতে মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা অভিযানকো সামৰি লৈছে ৷

দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইগাঁৱত প্ৰমোদ বড়োঃ বিসুমথিয়াৰীয়ে সাংসদ পদত নথকা বাবেই আন্দোলন কৰিছেঃ প্ৰমোদ বড়ো

দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইগাঁৱত প্ৰমোদ বড়োঃ বিসুমথিয়াৰীয়ে সাংসদ পদত নথকা বাবেই আন্দোলন কৰিছেঃ প্ৰমোদ বড়ো
দুৰ্নীতিৰ দৰ্পণ সেৱা, গোসাঁইগাঁও, ১১ আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ সজল কুমাৰ সিংহৰ নেতৃত্বত ১নং ভোমৰাবিল গাঁৱত এক মতবিনিময় সভা অনুষ্ঠিত কৰা হয়। গাওঁখনত হাৰাপুটা নৈৰ ওপৰত ১নং ভোমৰাবিল-হাৰাপুটা মিছন সংযোগী ভাল দলং নথকাত বিগত প্ৰায় ৩০ বছৰ ধৰি সংকটজনক অৱস্থাত যাতায়াত কৰিব লগা হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ। উল্লেখ যে যোৱা মে মাহৰ ১১ তাৰিখত হঠাৎ দলংখন ভাঙি পৰি আমান আলী শেখ (৭২) নামৰ ব্যক্তি এজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে মুজাফৰ আলী আহমেদ (৪৫) নামৰ  আংশিকভাৱে আহত হৈছিল। বুধবাৰে ১নং ভোমৰাবিল গাওঁত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে উপস্থিত হৈ তিনি মাহৰ ভিতৰত আধাৰশিলা স্থাপন কৰাৰ লগতে দলংখন ২০২২ চনৰ ভিতৰতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰমোদ বড়োয়ে। সভাত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছাঞ্চুমা খাংগুৰ বিসুমথিয়াৰী আৰু বনসু নামৰ সংগঠন এটাৰ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বিৰোধিতা কৰি কয় যে বড়োলেণ্ডত ৰাইজে শান্তি বিচাৰে। যাৰ ফলত ইয়াত তিনিটা শান্তি চুক্তি সম্পন্ন হোৱাৰ ফলত বড়োলেণ্ডত শান্তি ঘূৰি আহিছে। আজি বিসুমথিয়াৰীয়ে সাংসদ হৈ নথকাৰ কাৰণে পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব বিচাৰিছে কিন্তু যদি তেওঁ সাংসদ হৈ থাকিলেহেঁতেন, তেনেহলে পৃথক ৰাজ্যৰ বাবে আন্দোলন নকৰিলেহেঁতেন বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। উক্ত কাৰ্যসূচীত বিটিআৰৰ কাৰ্য্যবাহী সদস্য উকিল মুছাহাৰী, উইলচন হাছদা, ৰেওৰেওৱা নাৰ্জাহাৰীৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বৱৰ্তী কাৰ্যসূচীত গোসাঁইগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ত গোসাঁইগাঁও মহকুমাৰ এলাকাধীন খণ্ড উন্নয়ন বিষয়া, পৰিষদীয় সমষ্টি উন্নয়ন সমিতিৰ সভাপতিসকলৰ সৈতে বিভিন্ন আঁচনি সন্দৰ্ভত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। আনহাতে বৃহস্পতিবাৰে পূৱা দহ বজাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে গোসাঁইগাঁৱৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত কেন্দ্ৰটোৰ বৈজ্ঞানিক সকলৰ লগত কৃষি খণ্ডৰ বিভিন্ন বিষয় লৈ মত বিনিময় কৰাৰ অন্তত সাংবাদ মাধ্যমৰ আগত এনেদৰে কয় যে গোসাঁইগাঁও মহকুমা কৃষি প্ৰধান অঞ্চল৷ মহকুমাৰ বেছি সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈয়ে জীৱন নিৰ্বাহ কৰে। আওপুৰণি মাধ্যমতে এতিয়া বহু কৃষকে খেতি কৰে৷ বৈজ্ঞানিক পদ্ধতিৰে কৃষকসকলে আজিৰ যুগতো খেতি কৰিব পৰা নাই ৷বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি যাতে কৃষকসকলে খেতি কৰি অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰে আৰু খেতি কৰি বেছি উৎপাদন কৰিব পাৰে তাৰ বাবে খেতিয়ক সকলক প্ৰশিক্ষণ দিব লাগে৷ খেতিয়কৰ উৎপাদিত শস্যৰ উপযুক্ত বজাৰ যাতে লাভ কৰিব পাৰে তাৰো ব্যৱস্থা লব লাগিব ৷বজাৰত চাহিদা থকা বস্তুৰ খেতি কৰাৰ ক্ষেত্ৰত কৃষক ৰাইজে ধ্যান দিব লাগিব। বজাৰত চাহিদা থকা কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিবলৈ কেভিকে আৰু কৃষি বিভাগে যৌথভাৱে বিজ্ঞানসন্মত উৎপাদন কৰিব লাগিব। বিটিআৰ চুক্তিত ৰৌতাত এখন জৈৱিক বিশ্ববিদ্যালয় স্থাপন হ’ব৷ বিটিআৰত এখন কৃষি কলেজ আৰু কৃষি বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ উপৰিও গোসাঁইগাঁওতো কোনো এক কৃষি বিশ্ববিদ্যালয়ৰ কেম্পাচ স্থাপনৰ চিন্তা চৰ্চা চলি আছে। সংবাদ মাধ্যমৰ আগত বি টি আৰৰ চীফ প্ৰমোদ বড়োৱে আৰু কয় যে গোসাঁইগাঁও জিলা ঘোষণা লৈ এইবেলি স্বাধীনতা দিৱসত বিশেষ চিন্তা চৰ্চা নাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমানে উন্নয়ন, প্ৰশাসনিক সংস্কাৰ, শান্তি স্থাপন আৰু অপৰাধহীন ৰাজ্য গঠনত গুৰুত্ব দিছে৷ তাৰ পিছত তেওঁ বিটিচি প্ৰধান প্ৰমোদ বড়ো আদিকে ধৰি কাৰ্য্যবাহী উকীল মুছাহাৰী, ৰেওৰেওৱা নাৰ্জিহাৰী আৰু উইলচন হাসদা ত্ৰয়ে কৃষি বিকাশ কেন্দ্ৰৰ কাৰ্যালয় চৌহদত বৃক্ষৰোপণ কৰে। বিটিচি প্ৰধান বড়োৱে দুপৰীয়া কচুগাঁও উন্নয়ন খণ্ডত উপস্থিত হৈ মহকুমাৰ বিভিন্ন উন্নয়ন খণ্ডৰ বিষয়া বৰ্গ, টিচিএলচিচিৰ সভাপতি, ভিচিডিচিৰ সভাপতিসকলৰ সৈতে দুদিনীয়া কাৰ্যসূচীৰ দ্বিতীয়বাৰৰ বাবে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। বিয়লি তিনি বজাত বিটিআৰৰ সৰাইবিল সমষ্টিৰ হাব্ৰুবিল কমিউনিটি হলত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বুদ্ধিজীৱী মহলৰ লগত এখন মতবিনিময় সভা কৰে। মতবিনিময় সভাত গোসাঁইগাঁৱৰ অনেক বুদ্ধিজীৱীয়ে চহৰখনৰ অভাৱ-অভিযোগসমুহ দাঙি ধৰে। বিটিচি প্ৰধান বড়োৱে গোসাইগাঁঁও অঞ্চলৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। বিয়লি চাৰি বজাত মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।

পশু স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান শিবিৰ সম্পন্ন

পশু স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান শিবিৰ সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১১ আগষ্ট : আজাদী কী অমৃত মহোৎসৱ উপলক্ষে আজি অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাটৰ অধীনষ্ঠ ৰহদৈস্থিত  শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু জিলা পশু পালন তথা পশু স্বাস্হ্য বিভাগৰ সহযোগত শিৱসাগৰ জিলাৰ মোহন গাঁও আৰু নিমাইগড় হাবি গাওঁত এটি পশু স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° প্ৰদীপ সন্দিকৈয়ে উদ্ধোধন কৰা উক্ত শিৱিৰটোত প্ৰায়  ১৫০ ৰো অধিক গৰুক মাৰাত্মক গলফুলা আৰু জহৰবাত ৰোগৰ প্ৰতিষেধক চিটা প্ৰদান কৰাৰ লগতে পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামুলীয়া ঔষধ যোগান ধৰা হয় ৷ অনুষ্ঠানত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুপালন বিভাগৰ বিশেষজ্ঞ ডাঃ অনুপানন্দ গোস্বামীৰ লগতে স্হানীয় ক্ষেত্ৰ সহায়ক পলাশ বৰুৱাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি পশুধনৰ স্বাস্হ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰে ৷ অনুষ্ঠানত আগন্তুক ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কায্যসূচী যাতে সফল হয় তাৰ বাবে এখন সজাগতা সভাৰো অনুষ্ঠিত কৰা হয়।

তামুলপুৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ভেটি লৈ থাকোতে হাতেলোটে ধৰা পৰিল গোপীনাথ দাস

তামুলপুৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ভেটি লৈ থাকোতে হাতে লোটে ধৰা পৰিল গোপীনাথ দাস
প্ৰতিবেদক তামুলপুৰ, ১১আগষ্ট : তামুলপুৰৰ উপ পঞ্জীয়কৰ কার্যলয়ত আজি দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোৰ পৰা গ্ৰেপ্তাৰ কৰে গোপীনাথ দাস নামৰ এজন কৰ্মচাৰীক। বিবাহ পঞ্জীয়নৰ নামত উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে লোকজনক। দীৰ্ঘ দিনে কার্যলয়টোৰ কৰ্মচাৰী গৰাকীয়ে লোকৰ পৰা লৈ আহিছিল উৎকোচ। আজিও এক হেজাৰ টকা উৎকোচ লোৱাৰ পিছৰ হাতে লোতে ধৰাত পেলায় দলটোৱে। কার্যলয়টোৰ ভিতৰত অভিযানকাৰী দলটোৱে প্ৰায় ৫ ঘণ্টা সময়জুৰি তদন্ত আৰু জেৰা অব্যাহত ৰাখে। পাছ ঘণ্টাজোৰা জেৰা প্ৰক্ৰিয়াৰ অন্তত পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা লোকজনক লৈ যায় গুৱাহাটীলৈ।

যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
পংকজ কুমাৰ দাস,পশ্চিম  যোৰহাট,১১আগষ্ট:ভাৰতবৰ্ষৰ ৭৫ বছৰ বৰ্ষপুৰ্তি উপলক্ষে স্বাধীনতাৰ “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আজি যেৰহাট জিলা প্ৰশাসনে গান্ধী পাৰ্কত  আয়োজন কৰা “জন ভাগীদাৰী অনুষ্ঠান” ত বিশিষ্ট অতিথি হিচাপে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীদেৱৰ “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী সম্পর্কে ৰাজহুৱা সভাখনত যোৰহাটৰ স্বাধীনতা সংগ্ৰামী তথা তেখেতসকলৰ পৰিয়ালবৰ্গৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি সকলো চৰকাৰী-বে- চৰকাৰী কাৰ্যালয়, অনুষ্ঠান ,প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে সশ্ৰদ্ধাৰে পতাকা উত্তোলন কৰাৰ লগতে সমূহ যোৰহাটবাসী ৰাইজক নিজ নিজ বাসগৃহত আমাৰ স্বাভিমান- জাতীয় গৌৰবৰ পতাকাখন উৰুৱাবলৈ আহ্বান জনায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শতায়ু গৰকা মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈৰ লগতে আন মুক্তিযোদ্ধাসকলৰ পৰিয়ালবৰ্গক গামোচাৰে সম্বৰ্ধনা  জ্ঞাপন কৰে৷অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে উপস্থিত মুক্তিযোদ্ধা আৰু মুক্তিযোদ্ধাসকলৰ পৰিয়ালবৰ্গক আদৰণি জনোৱাৰ লগতে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে ৷ অনুষ্ঠানত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ বৰা,জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া,ONGC ৰ  ED & BM সুষমা ৰাওট,পৌৰসভাৰ সভানেত্ৰী লখিমী খাৰঘৰীয়া, পৌৰসভাৰ উপ সভাপতি দিলিপ কুমাৰ দত্ত, সমাজকৰ্মী পৰাণ বৰুৱা, জিলা মুক্তিযুঁজাৰু সন্মিলনীৰ বিষয় ববীয়াসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ আঁত ধৰে জিলা মুক্তিযুঁজাৰু সন্মিলনীৰ সম্পাদক মুনিন দত্তই৷ইয়াৰ পূৰ্বে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে যোৰহাটৰ নেইষ্ট(CSIR NEIST) ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নেইষ্টৰ চৌহদত থকা জননায়ক দেৱেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে।

ভকত পমুৱা প্ৰাথমিক বিদ্যালয়ৰ সজাগতা ৰেলি

ভকত পমুৱা প্ৰাথমিক বিদ্যালয়ৰ সজাগতা ৰেলি
পশ্চিম যোৰহাট,১১আগষ্ট:”আজাদী কা অমৃত মহোৎসৱ”ৰ এই স্বৰ্ণিল সন্ধিক্ষণত ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫তম বৰ্ষটি সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপনৰ প্ৰস্তুতি চলাইছে। দেশৰ স্বাভিমানৰ অনন্য প্ৰতীক জাতীয় পতাকাখনৰ প্ৰতি থকা দায়বদ্ধতাক অধিক তীব্ৰতৰ কৰাৰ লগতে যুৱ প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় ঐক্যৰ ধাৰণা উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে আজি পশ্চিম যোৰহাটৰ ভকত পমুৱাত এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সজাগতা ৰেলীৰ অভূতপূৰ্ব সহাঁৰিয়ে বাৰুকৈয়ে আপ্লুত কৰিলে।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰীয়া পূৰ্তি উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰিবলগীয়া “আজাদী কা অমৃত মহোৎসৱ”ৰ প্ৰতি সজগতা অনাৰ উদ্দেশ্যৰে আজি যোৰহাটৰ ১৫০ নং ভকত পমুৱা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত এই  সজাগতা ৰেলী উলিওৱা হয়। ৰেলীত প্ৰধান শিক্ষক কমল কৈৰী, শিক্ষয়িত্ৰী দিপ্তী বৰা,শুভাঙ্গিনী বৰকাকতি আৰু পশ্চিম যোৰহাট সাংবাদিক সংস্হাৰ সহকাৰী সম্পাদক তথা মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে বিশেষভাবে সহযোগিতা আগবঢ়ায়।

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যক্ৰমৰ শুভাৰম্ভ

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যক্ৰমৰ শুভাৰম্ভ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৯ আগষ্ট : আজি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ দ্বাৰা অসম প্ৰকাশন ভাৰতীত  এখনি সংবাদ মেলৰ আয়োজন কৰা হয় । আজিৰ সংবাদ মেলত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয়  মহামন্ত্ৰী অবনীশ ভটনাগৰ, অখিল ভাৰতীয় মন্ত্ৰী  ব্ৰহ্মাজী ৰাও, পূৰ্বোত্তৰ ক্ষেত্র বিদ্যা ভাৰতীৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, শিশু শিক্ষা সমিতি,অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী উপস্থিত থাকে। সংবাদ কৰ্মীসকলক উদ্দেশ্য কয় অবনীশ ভটনাগৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ  শিশু শিক্ষা সমিতি,অসম এক বৃহৎ বেচৰকাৰী  সংস্থা। ব্ৰহ্মপুত্ৰ উপত্যকাত এই শিক্ষা সংস্থানৰ অন্তৰ্গত ৫৪৪ খন শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন পৰিচালিত হৈ আছে। বিদ্যা ভাৰতীৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হ’ল ভাৰতীয় দৰ্শন আৰু সংস্কৃতিৰ আধাৰত মাতৃভাষাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা আৰু সংস্কাৰ দি প্ৰকৃত মানুহ হিচাবে গঢ়ি তোলা। চাওঁতে চাওঁতে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। এই বৰ্ষটো মহীয়ান কৰি ৰাখিবৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালনৰ ঘোষণা কৰে। সেই উপলক্ষে বিদ্যা ভাৰতীৰ অন্তৰ্গত নিকেতনসমূহৰ প্ৰায় ১,৫০,০০০ ছাত্ৰ ছাত্ৰী আৰু প্ৰায় ১০,০০০ আচাৰ্য আচাৰ্যা তথা কাৰ্যকৰ্তা, অভিভাৱক, নিকেতন পৰিচালনা সমিতি,শুভাকাংক্ষী সকলোৱে স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ যোজনা কৰিছে। আমাৰ বিভিন্ন  স্থানত থকা নিকেতনসমূহৰ  ছাত্ৰ ছাত্ৰীসকলে স্বাধীনতা সংগ্ৰামী শ্বহীদসকলৰ ঘৰলৈ গৈ তেখেত সকলে দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ সম্পৰ্কে জনা, বীৰ শ্বহীদ  বেদী মাল্যৰ্পন কৰা আদি কাৰ্যসূচী পালন কৰিছে । শিক্ষা শিক্ষা সমিতি, অসমে ইতিমধ্যে যোৱা ১০ এপ্ৰিল তাৰিখে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে গুৱাহাটীৰ লতাশিল খেলপথাৰত ”সহস্ৰনাদ” কাৰ্যক্ৰম অনুষ্ঠিত  কৰে। কাৰ্যক্ৰমত বিভিন্ন  নিকেতনৰ ৭৫ টা ঘোষ দল উপস্থিত থাকি ঘোষ প্ৰদৰ্শন কৰে। দীঘলীপুখুৰীৰ চাৰিওফালে ঘোষ সহ পথ সঞ্চালন কৰাৰ অন্তত ‘অমৰ জোৱান’ ত শ্ৰদ্ধাঞ্জলি অৰ্পণ  কৰে। লগতে গুৱাহাটীৰ যুদ্ধ স্মাৰক উদ্যান আৰু লতাশিল খেলপথাৰত আকৰ্ষণীয় ঘোষ প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।  অনুষ্ঠানত মুখ্য অতিথি হিচাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে । তদুপৰি অমৃত মহোৎসৱ উপলক্ষে যোৱা ১৪ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ সূৰ্য নমস্কাৰ মহাযজ্ঞ নিকেতন সমূহত অনুষ্ঠিত  হৈ যায়। এই মহাযজ্ঞত  ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্যা আৰু অভিভাৱক মিলি ৯৯,৬১,৩৮০ টাইৱানিজ সূৰ্য নমস্কাৰ কৰে। গোটেই ভাৰতবৰ্ষৰ বিভিন্ন  প্ৰান্তৰ লগতে আমাৰ উত্তৰ পূৱ প্ৰান্ততো উলহ মালহেৰে আগন্তুক ১৩ আগষ্ট তাৰিখৰ পৰা ১৫ আগষ্ট, ২০২২ তাৰিখলৈ স্বাধীনতাৰ  ৭৫ তম্ বৰ্ষপুতি উপলক্ষে ”ঘৰে ঘৰে জাতীয় পতাকা” উত্তোলন কাৰ্যক্ৰম অনুষ্ঠিত  কৰাৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে। উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা মুকুটেশ্বৰ গোস্বামীয়ে আঁত ধৰা সংবাদ মেলৰ অন্তত বিদ্যা ভাৰতীৰ  মহামন্ত্ৰী অবনীশ ভটনাগৰ মহোদয়, বিদ্যা ভাৰতীৰ মন্ত্ৰী ব্ৰহ্মাজী ৰাৱ, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ডঃ জগদীন্দ্ৰ ৰায় চৌধুৰী, শিশু শিক্ষা সমিতি,অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাংগঠনিক সম্পাদক ডঃ পৱন তিৱাৰী, গুৱাহাটী পৌৰ নিগমৰ ৩৭ নম্বৰ বাৰ্ডৰ কাউন্সিলৰ স্বপ্ননা দেৱীকে ধৰি বহুকেইগৰাকী উপস্থিত থাকি  *”ঘৰে ঘৰে জাতীয় পতাকা”* কাৰ্যক্ৰম শুভাৰম্ভ কৰে বুলি জানিব পৰা গৈছে ।

দৰঙৰ পাথৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ সফল সামৰণি  

দৰঙৰ পাথৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ সফল সামৰণি
দুৰ্নীতিৰ দৰ্পণ সেৱা,চৈয়দ মেহবুব দেৱান ,পশ্চিম দৰং,০৯ আগষ্ট: আজি দিনৰ ১০ বজাত দৰঙৰ পাথৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ এখনি অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ দৰঙৰ  পাথৰিঘাট কৃষক শ্বহীদ ভৱনত  ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ পাথৰিঘাট মণ্ডলৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টিৰ পাথৰিঘাট  মণ্ডলৰ সহযোগত অনুষ্ঠিত উক্ত সৌহাদ্যপুৰ্ণ অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী,অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী, ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা,দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আবুল তালেব আহমেদ,ভাৰতীয় জনতা পাৰ্টিৰ পাথৰিঘাট মণ্ডলৰ সভাপতি গজেন্দ্ৰ কলিতা আৰু পাথৰিঘাট মণ্ডলৰ ১২ টা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৩০ টা মছজিদৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদককে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ একাংশ দলীয় কৰ্মী তথা স্থানীয় বিশিষ্ট ব্যক্তি সকলে বিশেষ ভাবে অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক গৰাকীৰ তৰফৰ পৰা  পাথৰিঘাট মণ্ডলৰ ১২ টা গাওঁ পঞ্চায়তৰ অন্ত্ৰৰ্গত মুঠ ১৩০ টা মছজিদত আগন্তুক স্বাধীনতা দিৱসত উত্তোলন কৰিবৰ বাবে একোখনকৈ বিনামুলীয়া ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰাৰ লগতে উদ্যোক্তা সকলে অনুষ্ঠানত অংশগ্ৰহণ কৰা মছজিদ পৰিচানা সমিতিৰ প্ৰতি গৰাকী সভাপতি-সম্পাদকক একোখনকৈ ফুলাম গামোছাৰে সম্ভাসণ জনাই ৷ আনহাতে এই অনুষ্ঠানতে অঞ্চলটোৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৫ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে চেক প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷   লগতে বিধায়ক গৰাকীয়ে ছিপাঝাৰ সমষ্টিক অসমৰ ভিতৰতে ব্যতিক্ৰমী ৰূপত গঢ়ি টোলাৰ সংকল্পৰ কথাও ব্যক্ত কৰে উক্ত অন্তৰঙ্গ আলাপ অনুষ্ঠানত ৷

আজাদী কা অমৃত মহোৎসৱ , নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ে ঘৰে ঘৰে বিতৰণ কৰিব তিৰংগা পতাকা

আজাদী কা অমৃত মহোৎসৱ , নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ে ঘৰে ঘৰে বিতৰণ কৰিব তিৰংগা পতাকা
নগাঁও, ৯ আগষ্ট : স্বাধীনতা লাভৰ ৭৫ বছৰ পুৰ্তি  উপলক্ষে সমগ্ৰ দেশতে উদযাপন কৰিব লগা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি মধ্য অসমৰ বানিজ্যিক শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গোপীনাথ দেৱ গোস্বামী বানিজ্য মহাবিদ্যালয়ত সাতদিনীয়া এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীৰ মাজত এক সজাগতামুলক সভা অনুষ্ঠিত হয়। “ঘৰে ঘৰে তিৰংগা”- ,শীৰ্ষক সজাগতা সভাখনত অধ্যক্ষ ডঃ মৃগাংক শইকীয়াই অংশগ্ৰহণ কৰি কয়, “স্বাধীনতা আন্দোলনটো আছিল বিশ্বৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যয়। বিশ্বৰ ইতিসাহত আজিলৈকে যিমান আন্দোলন হৈছে, তাৰ ভিতৰত ই আছিল অন্যতম। ভাৰতবৰ্ষৰ পৰা বৃটিছ খেদিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা আন্দোলন আৰম্ভ হৈছিল। যাৰ ফলত আমি দাসত্বৰ পৰা স্বাধীনতা লাভ কৰিলোঁ। উক্ত সভাত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰশান্ত হাজৰিকা, জ্যেষ্ঠ অধ্যাপক মৃদুল মহন্ত আৰু ডঃ প্ৰফুল্ল শইকীয়াই ভাষণ আগবঢ়াই। সভাখন আঁত ধৰে ভূপেশ তোমুঙে।  উল্লেখ্য যে মহাবিদ্যালয়খনে “আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে গ্ৰহণ কৰা এলানি কাৰ্যসূচীৰ ভিতৰত অহা ১২ আগষ্টত মহাবিদ্যালয়ৰ প্ৰতিপালিত গাঁও পালাশনি আৰু কৰৈয়নী গাঁৱত জাতীয় পতাকা ৰাইজৰ মাজত বিতৰণ কৰা হ’ব বুলি  অধ্যক্ষ গৰাকীয়ে জনাইছে।

অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ অনুষ্ঠিত

অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ অনুষ্ঠিত
দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ৯ আগষ্ট: আজি অসম চৰকাৰৰ সহযোগত আৰু অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত শিৱসাগৰৰ যুৱদলত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ উদযাপন কৰা হয়।১৯৪২ চনৰ ৯ আগষ্ট দিনটোতে বৃটিছ শাসনৰ শিপা কঁপাই তুলিছিল ভাৰত ত্যাগ আন্দোলনে । সেই বিশেষ দিনটোৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল ।  বহুজনৰ ত্যাগ , পৰাক্ৰম আৰু আত্মবলিদানৰ অন্তত দেশে স্বাধীনতা লাভ কৰা ৭৫ টা বছৰ সমাগত । আজিৰ এই অনুস্থানত  অমৰ শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে কনকলতা , ভোগেশ্বৰী ফুকনৰ আত্মবলিদানৰ বিষয়ে ও আলোচনা কৰা হয় । পুৱা ৫ বজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত হিন্দু , মুছলমান, খ্ৰীষ্টান ,শিখ ধৰ্মাৱলম্বীৰ প্ৰাৰ্থনা কৰা হয় । আৰু দিনৰ ১১ বজাত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থনৰ মুকলি সভা মুক্তিযুঁজাৰু সন্মিলনৰ হৈ সহকাৰী সাধাৰণ সম্পাদক যোগেন বৰগোঁহাই,কাৰ্যবাহী সদস্য গৌতম বৰগোঁহাই,কাৰ্যবাহী সদস্য ভুৱন চন্দ্ৰ গগৈ আৰু যুটীয়া সম্পাদক সুশীল বৰুৱাৰ নেতৃত্বই যুৱদ’লৰ প্ৰেক্ষাগৃহ অদম্য সাহসী মুক্তিযুঁজাৰুৰ উপস্থিতয়ে সৌসস্ত বৃদ্ধি কৰে। উল্লেখযোগ্য যে অসমৰ সৰহ সংখ্যক মুক্তিযুঁজাৰুৰ ইতিমধ্যে মৃত্যু ঘটিছে । শিৱসাগৰ জিলাত বৰ্তমান প্ৰায় ৫০ জন হে জীৱিত অৱস্হাত আছে । সময় থাকোতেই চৰকাৰ আৰু প্ৰশাসনে মুক্তিযুঁজাৰুৰ পৰিয়াল সমূহক গুৰুত্ব আৰোপ কৰি অবিবাহিতা কোনো জীয়ৰী থাকিলে পিতৃ মাতৃৰ বিয়োগৰ পাছত পেঞ্চনটো লাভাৱান হোৱাটো সহায়ক হৈ উঠাৰ বাবে চৰকাৰলৈ আহ্বান জনায় । উল্লেখ যে , মুক্তি যুঁজাৰু সকলক কেৱল পেঞ্চনটো দিয়ে নিজৰ দায়িত্ব সামৰিব বিচৰা চৰকাৰে বহুতো কৰণীয় আছে বুলি মত পোষণ কৰিছে ।
- Advertisement -