Home Uncategorized দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীৰ বিয়োগত দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ শোক প্ৰকাশ
Sale!

দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীৰ বিয়োগত দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ শোক প্ৰকাশ

2.00

দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীৰ বিয়োগত দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ শোক প্ৰকাশ
দূৰ্নীতিৰ দৰ্পণ সেৱা, দেওমৰনৈ : ১৩ জুলাই,২০২২ তাৰিখ বুধবাৰে দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা এগৰাকী আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীয়ে ৯৫ বছৰ বয়সত বাৰ্ধ্যকজনিত কাৰণত পৰলোকলৈ গমন কৰে । ১৯২৭ চনত হাজৰিকাপাৰা গাঁওত জন্ম গ্ৰহণ কৰি বিবাহসূত্ৰে পাতিদৰং গাঁৱলৈ আহি তাতেই জীৱনৰ অধিকতম সময় অতিবাহিত কৰে। পিছলৈ খাৰখোৱাপাৰা গাঁৱত স্থায়ী বাসিন্দাৰূপে থাকিবলৈ লয়। তেওঁ ঐতিহাসিক পাতিদৰং অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ এগৰাকী সেৱিকা আছিল লগতে ধৰ্মীয় দিশত যথেষ্ট আগ্ৰহী আছিল। তেওঁ এগৰাকী আদৰ্শ মাতৃৰূপে পুত্ৰ জী সকলোকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজলৈ  আগবঢ়াই দিছিল। গুৰু পূৰ্ণিমাৰ পবিত্ৰ তিথিত দুজন পুত্ৰ শ্ৰীসৰ্বানন্দ শৰ্মা,ড৹ জ্ঞানজ্যোতি শৰ্মা,তিনি গৰাকী জীয়াৰী শ্ৰীলতামাই দেৱী, শ্ৰী দীপাঞ্জলী দেৱী,শ্ৰীবিজুলী দেৱী সহিতে  পৰিয়ালৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি বৈকুণ্ঠ ধামলৈ গতি কৰে।।আজি দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতীৰ দল পুষ্পেশ্বৰী দেৱীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰে।  ছাত্র সন্থাৰ পৰিয়ালবৰ্গ‌ই ভগৱানৰ ওচৰত পুষ্পেশ্বৰী দেৱীৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়ালবৰ্গ লগত দুখৰ সমভাগী হ’য়। সজাতীৰ দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শ‌ইকীয়া,দৰং জিলা ছাত্র সন্থাৰ উপদেষ্টা কৰুণা বৰুৱা, সাহিত্য সম্পাদক অপূৰ্ব শৰ্মা,দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি চিন্টু নাথ,উপসভাপতি জিন্টু বণিয়া,ৰিদিপ ডেকা,সাধাৰণ সম্পাদক সীমান্ত চহৰীয়া,সহঃসম্পাদক মৃগাংক চলিহা, কুৰ্নাল শৰ্মা,সাংগঠনিক সম্পাদক প্ৰশান্ত কলিতা,শিক্ষা সম্পাদক ভাৰ্গৱজ্যোতি নাথ আৰু সদস্য গোবিন্দ নাথ। তদুপৰি পুষ্পেশ্বৰী দেৱীৰ বিয়োগত স্থানীয় বিধায়ক ড৹ পৰামনন্দ ৰাজবংশী,দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ),দেওমৰনৈ বি.এড মহাবিদ্যালয়,দেওমৰনৈ সাহিত্য সভা,দেওমৰনৈ জ্যেষ্ঠ নাগৰিক সন্মিলন,দৰং জিলা গণিত শিক্ষায়তন,খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়,দিপীলা শ্ৰীশ্ৰীজগদ্ধাত্ৰী মন্দিৰ, পাতিদৰং শ্ৰীশ্ৰীঅৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰ,পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘ আদি বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান সহতি ব্যক্তি বিশেষকে পুষ্পেশ্বৰী দেৱীৰ বাস ভৱনত উপস্থিত হৈ দুখ প্ৰকাশ কৰে।

Description

দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীৰ বিয়োগত দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ শোক প্ৰকাশ
দুৰ্নীতিৰ দৰ্পণ সেৱা, দেওমৰনৈ : ১৩ জুলাই,২০২২ তাৰিখ বুধবাৰে দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা এগৰাকী আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীয়ে ৯৫ বছৰ বয়সত বাৰ্ধ্যকজনিত কাৰণত পৰলোকলৈ গমন কৰে । ১৯২৭ চনত হাজৰিকাপাৰা গাঁওত জন্ম গ্ৰহণ কৰি বিবাহসূত্ৰে পাতিদৰং গাঁৱলৈ আহি তাতেই জীৱনৰ অধিকতম সময় অতিবাহিত কৰে। পিছলৈ খাৰখোৱাপাৰা গাঁৱত স্থায়ী বাসিন্দাৰূপে থাকিবলৈ লয়। তেওঁ ঐতিহাসিক পাতিদৰং অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ এগৰাকী সেৱিকা আছিল লগতে ধৰ্মীয় দিশত যথেষ্ট আগ্ৰহী আছিল। তেওঁ এগৰাকী আদৰ্শ মাতৃৰূপে পুত্ৰ জী সকলোকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজলৈ  আগবঢ়াই দিছিল। গুৰু পূৰ্ণিমাৰ পবিত্ৰ তিথিত দুজন পুত্ৰ শ্ৰীসৰ্বানন্দ শৰ্মা,ড৹ জ্ঞানজ্যোতি শৰ্মা,তিনি গৰাকী জীয়াৰী শ্ৰীলতামাই দেৱী, শ্ৰী দীপাঞ্জলী দেৱী,শ্ৰীবিজুলী দেৱী সহিতে  পৰিয়ালৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি বৈকুণ্ঠ ধামলৈ গতি কৰে।।আজি দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতীৰ দল পুষ্পেশ্বৰী দেৱীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰে।  ছাত্র সন্থাৰ পৰিয়ালবৰ্গ‌ই ভগৱানৰ ওচৰত পুষ্পেশ্বৰী দেৱীৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়ালবৰ্গ লগত দুখৰ সমভাগী হ’য়। সজাতীৰ দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শ‌ইকীয়া,দৰং জিলা ছাত্র সন্থাৰ উপদেষ্টা কৰুণা বৰুৱা, সাহিত্য সম্পাদক অপূৰ্ব শৰ্মা,দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি চিন্টু নাথ,উপসভাপতি জিন্টু বণিয়া,ৰিদিপ ডেকা,সাধাৰণ সম্পাদক সীমান্ত চহৰীয়া,সহঃসম্পাদক মৃগাংক চলিহা, কুৰ্নাল শৰ্মা,সাংগঠনিক সম্পাদক প্ৰশান্ত কলিতা,শিক্ষা সম্পাদক ভাৰ্গৱজ্যোতি নাথ আৰু সদস্য গোবিন্দ নাথ। তদুপৰি পুষ্পেশ্বৰী দেৱীৰ বিয়োগত স্থানীয় বিধায়ক ড৹ পৰামনন্দ ৰাজবংশী,দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ),দেওমৰনৈ বি.এড মহাবিদ্যালয়,দেওমৰনৈ সাহিত্য সভা,দেওমৰনৈ জ্যেষ্ঠ নাগৰিক সন্মিলন,দৰং জিলা গণিত শিক্ষায়তন,খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়,দিপীলা শ্ৰীশ্ৰীজগদ্ধাত্ৰী মন্দিৰ, পাতিদৰং শ্ৰীশ্ৰীঅৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰ,পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘ আদি বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান সহতি ব্যক্তি বিশেষকে পুষ্পেশ্বৰী দেৱীৰ বাস ভৱনত উপস্থিত হৈ দুখ প্ৰকাশ কৰে।

Reviews

There are no reviews yet.

Be the first to review “দেওমৰনৈৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা তথা আদৰ্শ মাতৃ পুষ্পেশ্বৰী দেৱীৰ বিয়োগত দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ শোক প্ৰকাশ”

Your email address will not be published.

- Advertisement -